দূৰ্গা পূজাৰ বাবে এইবাৰ চৰকাৰী কৰ্মচাৰীয়ে আগতীয়াকৈ লাভ কৰিব দৰমহা

294

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকললৈ এক ভাল খবৰ। এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰা হ’ব তেওঁলোকৰ দৰমহা।

এটা টুইটযোগে এই কথা জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দূৰ্গা পূজা উপলক্ষ্যে ২ অক্টোবৰৰ পৰা একেৰাহে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ চৰকাৰী কৰ্মচাৰীৰ দৰমহা প্ৰদানৰ কাম আৰম্ভ হ’ব।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ২৯ ছেপ্টেম্বৰৰ পৰাই কৰ্মচাৰী সকলক দৰমহা প্ৰদান আৰম্ভ কৰিব ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটটোত কয়, ”ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আগন্তুক পূজাৰ বতৰত নিৰৱচ্ছিন্নভাৱে উদযাপন নিশ্চিত কৰিবলৈ আমি ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা প্ৰদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো, যিহেতু ২ অক্টোবৰৰ পৰা অবিৰত বন্ধ আছে। আমি আমাৰ কৰ্মচাৰীসকলৰ যত্ন লওঁ!’’