দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ হৈ মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবে

192

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবে। শুকুৰবাৰে পুৱা শ্বিনজোক গুলীয়াই হত্যা কৰা হয়। জাপানৰ পশ্চিম প্ৰান্তৰ নাৰা চহৰত ভাষণ দি থকাৰ সময়তে গুলীচালনা কৰা হয়। তেওঁৰ বুকুত গুলী লাগিছিল। ৰক্তাক্ত অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকসকলৰ সকলো প্ৰচেষ্টা শেষত বিফল হ’ল।

মৃ্ত্যুৰ সময়ত শ্বিনজোৰ বয়স আছিল ৬৭ বছৰ। জাপানৰ ইতিহাসত সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে শ্বিনজো আবে। ২০১২ চনৰ পৰা ২০২০ চনলৈ তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সংবাদ সংস্থাৰ মতে, শুকুৰবাৰে জাপানত স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১:৩০ বজাত এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে শ্বিনজোক গুলীয়াই হত্যা কৰা হয়। সংকটজনক অৱস্থাত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

জাপানৰ পশ্চিম প্ৰান্তৰ নাৰা চহৰত গ্ৰেপ্তাৰ কৰা হৈছে টেটছুয়া য়ামাগামি নামৰ এজন ৪০ বছৰীয়া ব্যক্তিক। লোকজনে তদন্তকাৰীক জনাইছে যে তেওঁ শ্বিনজোৰ ওপৰত অসন্তুষ্ট। সেইবাবেই তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। নিজৰ বন্দুকেৰে গুলী চলাই হত্যা কৰে শ্বিনজোক। গুলীচালনাৰ পিছত পলায়নৰ চেষ্টাও নকৰিলে দুৰ্বৃত্তই।