দুৰ্নীতি নিবাৰক শাখাৰ অভিযান নগাঁৱৰ চামগুৰিত

179

নিউজ ডেস্ক : এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান নগাঁৱৰ চামগুৰিত।দুৰ্নীতি নিবাৰকৰ জালত ২ জন কৰ্মচাৰী।

নগাঁৱৰ চামগুৰি বিদ্যুত উপ সংমণ্ডলৰ BCMR( Bill clerk miter Reader)ভাস্কৰ শৰ্মা দুৰ্নীতি নিবাৰক শাখাৰ জালত।

লগতে দুৰ্নীতি নিবাৰক শাখাৰ জালত চামগুৰি বিদ্যুত উপ সংমণ্ডলৰ ঠিকাভিত্তিক কৰ্মচাৰী মিন্টু বৰা।

এই দুয়োজনে এগৰাকী চামগুৰিৰ বিদ্যুত গ্ৰাহকক ঘৰত গৈ সাত হাজাৰ টকা উৎকোচ লওঁতেই হাতে লোটে ধৰা পৰিল। গ্ৰাহকজনৰ ঘৰত চুৰি কৈ বিদ্যুত সংযোগ থকাৰ অজুহাত দেখুৱাই এই ধন দাবী কৰি আহিছিল।আজি ধন লওতেই ধৰা পৰিল দুয়োজন।

বৰ্তমানেও আৰক্ষী, দুৰ্নীতি নিবাৰকৰ দলে নগাঁৱৰ চামগুৰি পৰিদৰ্শন বাংলাত জেৰা অব্যাহত ৰাখিছে দুয়োজন কৰ্মচাৰীক।