ঠিকাদাৰৰ পৰা উৎকোচ বিচৰাৰ অভিযোগত পঞ্জাৱ মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা হৈছে স্বাস্থ্যমন্ত্ৰী বিজয় সিংলাক।
মঙলবাৰে টুইটযোগে মন্ত্ৰীজনক বৰ্খাস্ত কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ভগৱন্ত মানে।
মন্ত্ৰী বিজয় সিংলাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি তেওঁ এগৰাকী ঠিকাৰৰ পৰা নিবিদা প্ৰদানৰ বিনিময়ত এক শতাংশ উৎকোচ বিচাৰিছিল।
ঘোচখোৰ মন্ত্ৰীজনৰ বিৰুদ্ধে তথ্য লাভ কৰাৰ পিছতে মন্ত্ৰীসভাৰ পৰা নিলম্বন কৰা হয় সিংলাক।
ইফালে পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্যে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে বিজয় সিংলাক।
