দুৰ্নীতিত নিমজ্জিত ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ চাৰজিক ৩ বছৰৰ কাৰাদণ্ড

99

দুৰ্নীতিত নিমজ্জিত একাংলৰ শক্তিশালী দেশ প্ৰধান ৩ বছৰৰ বাবে কাৰাগাৰ খাটিব লাগিব৷ এখন দেশৰ প্ৰাক্তন মুৰব্বীক ৩ বছৰৰ সশ্ৰম কাৰাদণ্ড দিছে ন্যায়ালয়ে৷ ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ চাৰজিক দেশ খনৰ শীৰ্ষ আদালতে তিনি বছৰৰ কাৰাদণ্ড ঘোষণা কৰিছে৷ ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক সোমবাৰে শাস্তি বিহি ৰায়দান ঘোষণা কৰিছে। ২০০৭-২০১২ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত নিকোলাছে ২০১৪ চনত দণ্ডাধীশৰ পৰা অবৈধভাৱে তথ্য সংগ্ৰহ কৰিবলৈ উৎকোচ দিছিল৷ এই অভিযোগৰ কদন্ত কৰিছিল বৰ্তমানৰ ইমানুৱেল মেক্ৰনৰ চৰকাৰে৷ নিকলাছে কাৰাগাৰত থকাৰ প্ৰয়োজন নাই আৰু বৈদ্যুতিক বেছলেট পৰিধান কৰি ঘৰতে কাৰাবাস খাতিব লাগিব৷ ৬৭ বছৰীয়া নিকোলাছ ফ্ৰান্সৰ প্ৰথম ৰাষ্ট্ৰপতি যিয়ে দুৰ্নীতিৰ গোচৰত অভিযুক্ত হৈ কাৰাগাৰালৈ যাব লাগিব৷