দুৰ্নীতিত জড়িত থকাৰ অভিযোগত ধুবুৰীৰ প্ৰাক্তন ADCক গ্ৰেপ্তাৰ

77

গুৱাহাটীঃ ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত (এডিচি) চাইবাৰ ৰহমানক মঙলবাৰে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষ, অসমে এক চৰকাৰী বিবৃতিত এই কথা জনায়।

ৰহমান এজন চৰকাৰী কৰ্মচাৰী হোৱা স্বত্বেও অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ মালিক হোৱাৰ পৰিপ্ৰেক্ষিতত অপৰাধমূলক কাৰ্যকলাপ আৰু দুৰ্নীতিৰ সতে জড়িত থকাৰ সন্দেহত তদন্ত কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষে।

মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষত এটা অভিযোগ প্ৰাপ্ত হৈছিল যে সেই সময়ৰ ধুবুৰী এডিচি চাইবৰ ৰহমানে অবৈধ আৰু দুৰ্নীতিপূৰ্ণ উপায়েৰে বৃহৎ সম্পত্তি অধিগ্ৰহণ কৰিছিল। সেই অনুসৰি, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি নিয়মীয়া তদন্ত আৰম্ভ কৰা হৈছিল ৰহমানৰ বিৰুদ্ধে।

উপাৰ্জন, সম্পত্তি আৰু ব্যয় গণনা কৰাৰ উদ্দেশ্যে আৰু সন্দেহযুক্ত বিষয়াৰ দখলত থকা সম্পত্তিৰ অধিগ্ৰহণৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ২৩ জুন, ২০০২ ৰ পৰা ৩০ এপ্ৰিল, ২০২১ লৈ তেওঁৰ আয়ৰ উৎস বিচাৰ কৰা হৈছিল। যাৰ পিছত এই কথা প্ৰমাণ হয় যে তেওঁৰ লগতে তেওঁৰ দুই পত্নীৰ নামত গঢ়িছে বিশাল সম্পত্তিৰ পাহাৰ। ৰহমানৰ দুই পত্নীৰ নামত থকা সম্পত্তিৰ মূল্য ১০০ কোটিতকৈও অধিক হোৱা বিপৰীতে কেৱল প্ৰাক্তন এডিছি জনৰ নামতেই থকা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৬,৩৮,১২,১৮৮ কোটি টকা। আনহাতে তদন্তত ৰহমানৰ সম্পত্তিৰ সৈতে উপাৰ্জনৰ ৯৫ শতাংশই অমিল পোৱাত দুৰ্নীতিত জড়িত থকাৰ অভিযোগত মঙ্গলবাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।