দুৰ্দান্ত প্ৰদৰ্শন কৰিও ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় মহিলা হকী দল

99

ডিজিটেল ডেস্কঃ অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় মহিলা হকী দলৰ অৱশ্যে আশা পূৰণ নহ’ল। আজি অনুষ্ঠিত ছেমি ফাইনেল খেলখনত দুৰ্দান্ত প্ৰদৰ্শন কৰিও অৱশেষত আৰ্জেণ্টিনাৰ হাতত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত হবলগা হ’ল ভাৰতীয় মহিলা হকী দলটো।

খেলৰ আৰম্ভণিৰ পৰাই দুৰ্দান্ত প্ৰদৰ্শনেৰে আগবাঢ়িছিল ভাৰতীয় দলটো। প্ৰথম কোৱাৰ্টাৰতে পেনাল্টিত গ’ল প্ৰদান কৰি অধিক আত্মবিশ্বাসী হৈ পৰিছিল ভাৰত। ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিবলৈ সক্ষম হৈছিল গুৰজিৎ কৌৰে। কিন্তু দ্বিতীয় আৰু তৃতীয় কোৱাৰ্টাৰত আৰ্জেণ্টিনা অধিক শক্তিশালী ৰূপত খেলিবলৈ লোৱাত ভাৰত যেন দুৰ্বল হ’বলৈ ধৰে। দ্বিতীয় কোৱাৰ্টাৰত পেনাল্টিত আৰ্জেণ্টিনাৰ অধিনায়ক নোৱেল ব্যাৰিয়ুনুয়োভাই গ’ল প্ৰদান কৰি ভাৰতৰ সৈতে নিজ দলক সম স্থিতিত উপনীত কৰায়।

তৃতীয় কোৱাৰ্টাৰতো ভাৰতে যথেষ্ট ভাল খেলে। কিন্তু বিধ্বংসী ৰূপত খেলিবলৈ গৈ ৩৬ মিনিটত ভাৰতৰ নেহা গোৱেলে দলৰ খেলপথাৰৰ পৰা বাহিৰ হবলগা হয়। যাৰ ফলত ১০ গৰাকী খেলুৱৈৰে যুঁজ অব্যাহত ৰাখিবলগা হয় ভাৰতে। সেই সুযোগতো আৰ্জেণ্টিনাই আন এটা গ’ল দি ভাৰতৰ বিৰুদ্ধে ছেমি ফাইনেলত বিজয় নিশ্চিত কৰে।

অৱশ্যে ছেমি ফাইনেলত পৰাস্ত হ’লেও ভাৰতৰ হাতত এতিয়াও আছে পদক জয়ৰ সুযোগ। ব্ৰঞ্জৰ পদকৰ বাবে যুঁজত নামিব ভাৰতীয় মহিলা হকী দল। স্বৰ্ণ জয়ৰ সপোন সাৰ্থক নহ’লেও ভাৰতীয় মহিলা হকী দলে টকিঅ’ অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম হ’বই বুলি আশাবাদী সমগ্ৰ ভাৰতীয়।