দিল্লী-ডেৰাডুন ঘাইপথত সংঘটিত হোৱা মাৰাত্মক দুৰ্ঘটনাৰ পিছত সোমবাৰে নিশা ভাৰতীয় ক্ৰিকেট দলৰ উইকেটৰক্ষক তথা বেটছমেন ঋষভ পণ্টে ৰাজহুৱাভাৱে প্ৰথমটো মন্তব্য কৰে।
৩০ ডিচেম্বৰত তেওঁৰ গাড়ীখন ডিভাইডাৰত খুন্দা মৰাৰ পিছত জুইৰ সূত্ৰপাত হৈছিল। সেই সময়ত আহত ক্ৰিকেটাৰগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা যুৱক দুজনক নায়ক বুলি অভিহিত কৰি ধন্যবাদ জনায় ঋষভ পণ্টে।
ৰজত কুমাৰ আৰু নিশু কুমাৰ নামৰ যুৱক দুজনৰ প্ৰতি “চিৰদিনৰ বাবে কৃতজ্ঞ আৰু ঋণী” হ’ব বুলি উল্লেখ কৰি পণ্টে চিকিৎসালয়ৰ বিচনাৰ পৰা এই যুটিটোৰ ফটো পোষ্ট কৰে।
টুইটাৰত ক্ৰিকেটাৰগৰাকীয়ে লিখিছে, “মই হয়তো সকলোকে ব্যক্তিগতভাৱে ধন্যবাদ দিব পৰা নাছিলো, কিন্তু মোৰ দুৰ্ঘটনাৰ সময়ত মোক সহায় কৰা আৰু মই নিৰাপদে চিকিৎসালয় পোৱাটো নিশ্চিত কৰা এই নায়ক দুজনক মই স্বীকাৰ কৰিব লাগিব। ৰাজত কুমাৰ আৰু নিশু কুমাৰক মই ধন্যবাদ জনাইছো। তেওঁলোকৰ ওচৰত মই চিৰদিনৰ বাবে কৃতজ্ঞ আৰু ঋণী হৈ থাকিম।’’
উল্লেখ্য যে, ৩০ ডিচেম্বৰত পণ্ট যাত্ৰা কৰা মাৰ্চিডিজ এছইউভি বাহনখন নতুন দিল্লীৰ উত্তৰ দিশত দুৰ্ঘটনাগ্ৰস্ত হয়। ২৫ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে গাড়ীখন ক্ৰেচ বেৰিয়াৰত খুন্দা মাৰি উলটি জুই লগাত একাধিক আঘাতপ্ৰাপ্ত হয়।
উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে মুম্বাইলৈ বিমানযোগে প্ৰেৰণ কৰাৰ পূৰ্বে তেওঁক ততাতৈয়াকৈ ডেৰাডুনৰ এখন স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
I may not have been able to thank everyone individually, but I must acknowledge these two heroes who helped me during my accident and ensured I got to the hospital safely. Rajat Kumar & Nishu Kumar, Thank you. I'll be forever grateful and indebted 🙏♥️ pic.twitter.com/iUcg2tazIS
— Rishabh Pant (@RishabhPant17) January 16, 2023