দুৰ্ঘটনাত পতিত বায়ু সেনাৰ মিগ-২১ বিমান, শ্বহীদ ২ পাইলট

191

বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ বাৰমেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনৰ দুয়োজন পাইলট শ্বহীদ হয়।

ভাৰতীয় বায়ু সেনাই সদৰী কৰা মতে, ৰাজস্থানৰ উত্তৰলাই বিমানঘাচিৰ পৰা প্ৰশিক্ষণ যাত্ৰাৰ বাবে টুইন ছিটাৰ মিগ-২১ বিমানখন উৰা মাৰিছিল। তাৰ পিছতে নিশা প্ৰায় ৯.১০ বজাত বাৰমেৰৰ বায়টুৰ ভীমদা গাঁৱৰ সমীপত বিমানখন দুৰ্ঘটনাত পতিত হয়।

ইফালে বিমান দুৰ্ঘটনাটোত শ্বহীদ হোৱা দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্তৰ নিৰ্দেশ দিছে আইএএফে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটযোগে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰে। টুইটাৰত তেওঁ লিখিছে, “ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ প্ৰশিক্ষক বিমানৰ দুৰ্ঘটনাৰ ফলত দুজন যোদ্ধাক হেৰুৱাই গভীৰভাৱে যন্ত্ৰণাত ভুগিছো। জাতিৰ প্ৰতি তেওঁলোকৰ সেৱা কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে।’