দুৰ্গা পূজাৰ বাবে ৩ দিন বন্ধ থাকিব সুৰাৰ বিপণী

83

গুৱাহাটীঃ উৎসৱৰ বতৰত অধিক সমস্যাৰ সৃষ্টি কৰা বস্তুটোৱেই হৈছে সুৰা। দুৰ্ঘটনাই হওঁক বা মাৰপিট, এনে বহু ঘটনাই সংঘটিত হয় সুৰাপানৰ পৰা। এতিয়াও উৎসৱৰ বতৰ। কোৰোনাই উৎসৱৰ উছাহ ম্লান কৰিলেও পিছে কম-বেছি পৰিমাণে আনন্দ স্ফূৰ্তি সকলোৱেই কৰিছে। সেয়ে এনে উৎসৱৰ আনন্দৰ মাজত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে ৩ দিনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

কৰিমগঞ্জ জিলা উপায়ুক্ত অনবামুথন এম পিয়ে ৩ দিনৰ বাবে সুৰাৰ বিপণীসমূহ বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। পূজা কমিটীৰ সৈতে আলোচনা কৰাৰ অন্তত ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ কৰিমগঞ্জত বন্ধ থাকিব সুৰাৰ বিক্ৰী আৰু পান।

যদি কোনো লোকে প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰে, তেন্তে তেনে লোকৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনাইছে উপায়ুক্তগৰাকীয়ে।