দুৰ্গা পূজাৰ বাবে মহানগৰীত যান-বাহন চলাচলত বিশেষ নিৰ্দেশনা যান-বাহন আৰক্ষীৰ

621

গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে আজি এক অধিসূচনা জাৰি কৰি দুৰ্গা পূজাৰ সময়ছোৱাত মহানগৰীৰ কিছু অংশত যান-বাহনৰ চলাচলত বাধা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ২১ অক্টোবৰৰ পৰা এই নিষেধাজ্ঞা অহা ২৪ অক্টোবৰলৈকে প্ৰযোজ্য হ’ব।

এই অধিসূচনাত উল্লেখ কৰা হৈছে যে পুৱা ৪ বজাৰ পৰা ১০ বজালৈ, উক্ত সময়ছোৱাত সামগ্ৰী কঢ়িওৱা বাহনৰ মহানগৰীত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ১১ বজাৰ পৰা মাজনিশা ১২ বজালৈ ছয়চকীয়া আৰু তাৰ ওপৰৰ সামগ্ৰী কঢ়িয়াই অনা বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰিবলৈ গৈ আছে।

ইফালে দিছপুৰ, বশিষ্ঠ, ভৰলুমুখ, জালুকবাৰী, পানবজাৰ, চান্দমাৰী আৰু নুনমাটি আদি অঞ্চলতো উক্ত সময়সীমাৰ বাবে যান-বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে।

ইফালে, দুৰ্গা পূজাৰ উৎসৱৰ সময়ত ওলাই আহিবলগীয়া ব্যাপক জনসমাগমৰ বাবে মহানগৰীৰ কেইবাটাও পথত চলাচলত বাধা আৰোপ কৰাৰ বাবেও যান-বাহন আৰক্ষীয়ে নিৰ্দেশ দিছে।

এইবোৰৰ উপৰিও নামনি অসমৰ পৰা অহা বিশেষকৈ সদৌ অসম পৰ্যটন অনুমতি পত্ৰ থকা বাণিজ্যিক বাহনসমূহ আদাবাৰী বাছ টাৰ্মিনাছত, পূজাৰ সময়ছোৱাত বন্ধ কৰা হ’ব বুলিও ঘোষণা কৰা হৈছিল। ইফালে উজনি অসম ফালৰ পৰা অহা বাহনসমূহ আই এছ বি টি বেতকুছিলৈ আহিবলৈ দিয়া হ’ব।

নামনি অসম ফালৰ পৰা পল্টনবজাৰ ফাললৈ অহা এ এছ টি চিৰ আণ্ডাৰটেকিং বাছ জালুকবাৰীৰ পৰা প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব আৰু আই এছ বি টিলৈ ডাইভাৰ্ট কৰা হ’ব।