দুৰ্গা পূজাৰ পেণ্ডেল নিৰ্মাণৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ২ যুৱকৰ…

204

নিউজ ডেস্কঃ দুৰ্গা পূজাৰ পেণ্ডেল নিৰ্মাণত ব্যস্ত থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল দুই যুৱকৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰৰ সমীপৰ কৰচনাৰ বাৰাওঁত।

জানিব পৰা মতে, বাৰাওঁ গাঁৱত সোমবাৰে বিয়লি দুৰ্গা পূজা পেণ্ডেল নিৰ্মাণত নিয়োজিত দুজন যুৱক আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়।

পিছত দুয়োজন যুৱকক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

নিহত যুৱক দুজনৰ পৰিচয় শিৱম কেশৰৱানী আৰু ৰাহুল বাৰ্মা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, সোমবাৰে বিয়লি যুৱক দুজনে পূজা পেণ্ডেলৰ সমীপৰ এটা ঘৰৰ বেলকনিত লাউড স্পীকাৰ বান্ধি থকাৰ সময়তে ভূলবশতঃ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। যাৰ ফলত দুয়োজন যুৱক বিদ্যুৎস্পৃষ্ট হয়।

সেই দৃশ্য প্ৰত্যক্ষ কৰি লগে লগে উপস্থিত আন লোকসকলে বিদ্যুৎ পৰিবাহী তাঁৰডাল লাঠিৰে আতৰ কৰি যুৱক দুজনক হাস্পতাললৈ লৈ যায় যদিও ইতিমধ্যে দুয়োৰে মৃত্যু ঘটে।

ইফালে বিদ্যুৎ বিভাগে মাটিৰ পৰা কম উচ্চতাতে তাঁৰ সংযোগ কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি ক্ষুব্ধ ৰাইজে যুৱক দুজনৰ মৃতদেহ দুটা লৈ বহু সময় ধৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈহে ক্ষুব্ধ জনতাক শান্ত কৰিবলৈ সক্ষম হয়। দুৰ্গা পূজাৰ প্ৰাকক্ষণত এনেদৰে দুজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।