দুলীয়াজানৰ টেঙাখাতৰ ৰংচঙীত পথ দুৰ্ঘটনা

197

দুলীয়াজানৰ টেঙাখাতৰ ৰংচঙীত পথ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে স্কুটাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। উল্লেখযোগ্য যে দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজন চাবুৱাৰ ৰবীন গগৈ বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাটোত মটৰচাইকেলখনৰ দুজন আৰোহী গুৰুতৰভাৱে আহত হয়।