দুর্গাপুৰৰ পৰা ১০০ মেট্রিকটন অক্সিজেন অসমলৈ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

98

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে গুৱাহাটী মহানগৰীৰ সাউকুছিত থকা প্রিমিয়াৰ ক্রায়’জেনিক লিমিটেড অক্সিজেন প্লাণ্টটো পৰিদর্শন কৰি উৎপাদন ক্ষমতাৰ বুজ লয়৷ এতিয়া সেই ইউনিটটোৰ পৰা দৈনিক ১৪ মেট্রিকটন অক্সিজেন উৎপাদন হৈ আছে৷ ইয়াৰ দ্বাৰা ৰাজ্যখনত অক্সিজেনৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে৷ প্লাণ্টটোৰ দ্বিতীয় ইউনিটটো কার্যক্ষম হৈ উঠিলে ৰাজ্যখনৰ অক্সিজেনৰ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি হ’ব৷ দ্বিতীয় ইউনিটটো অহা ১৫ দিনৰ ভিতৰত কার্যক্ষম হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে, সাউকুছিৰ প্লাণ্টটোৰ এটা ইউনিট কার্যক্ষম হোৱাৰ লগে লগে পূর্বে ৰাজ্যখনত উৎপাদন হোৱা ৬৮–৬৯ মেট্রিকটন অক্সিজেন পৰিমাণ ৮০ মেট্রিকটনলৈ বৃদ্ধি পালে৷ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে, বর্তমান অসমত দৈনিক ৭০ মেট্রিকটন অক্সিজেনৰ প্রয়োজন৷ ইয়াৰ বিপৰীতে ৰাজ্যখনে দৈনিক ৮০ মেট্রিকটন অক্সিজেন উৎপাদন কৰি আহিছে৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰামক অসমে কম–বেছি পৰিমাণে অক্সিজেন যোগান ধৰি আহিছে৷ তদুপৰি ভাৰত চৰকাৰে দুর্গাপুৰৰ পৰা ১০০ মেট্রিকটন অক্সিজেন অসমক অনুমোদন দিছে৷ অচিৰে ৰে’লৱেৰ টেংকাৰযোগে সেই অক্সিজেন অসম পাব বুলি তেওঁ আশা প্রকাশ কৰিছে৷