দুর্গতসকললৈ ‘চেনেহ’ৰ সহায়ৰ হাত

83

ষ্টাফৰিপোৰ্টাৰ,১০ এপ্রিল: সমগ্র বিশ্বতে কৰ’নাই সৃষ্টি কৰা অভূতপূর্ব সংকতৰ প্রভাৱ আমাৰ দেশ তথা ৰাজ্যতো বেয়াকৈ পৰিছে। বর্তমান অব্যাহত থকা লকডাউনৰ ফলত দুখীয়া, শ্রমজীৱী, দিন-হাজিৰা কৰা বা সৰু-সুৰা ব্যৱসায়ৰ দ্বাৰা দিনটোৰ ভাতমুঠি জোগাৰ কৰা সকলৰ জীৱনলৈ নামি আহিছে অভাৱনীয় দুর্যোগ। এনে অৱস্থাত ৰাজ্যৰ বিভিন্ন সদাশয় ব্যক্তি, চৰকাৰী কর্মচাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান সকলোবোৰ আগবাঢ়ি আহিছে আতুৰজনক সহায় কৰিবলৈ। এই ক্ষেত্রত গুৱাহাটীৰ কাহিলিপাৰাত থকা ভৱদা দেৱী সোঁৱৰণী ন্যাসৰ দ্বাৰা পৰিচালিত নিৰাশ্রীতা বৃদ্ধাৰ আশ্রম ‘চেনেহ’ও পিছ পৰি থকা নাই। ‘চেনেহ’ৰ ফালৰ পৰা মূখ্যমন্ত্রীৰ কোভিড-১৯ সাহায্য নিধিলৈ ৫০,০০০ টকা আৰু ‘চেনেহ’ৰ সভাপতি অতুল চন্দ্র বৰুৱাৰ তৰফৰ পৰা প্রধান মন্ত্রী সাহায্য নিধিলৈ ৫০,০০০ টকা আগবঢ়াইছে। তদুপৰি, ‘চেনেহ’এ যোৱা সপ্তাহত পানীখাইটিৰ ৰাজাবাৰী, কোৰাবাৰী, পশ্চিম সোপা গাওঁ অঞ্চলৰ প্রত্যেকটো দৰিদ্র পৰিয়াললৈ ৫ কেজি চাউল, ১ কেজি দাইল, আৰু আধা কেজি আলুৰ একোটাকৈ টোপোলা বিতৰণ কৰে। ‘চেনেহ’ৰ এই কার্যত স্থানীয় যুৱক বিৰেণ খাকলাৰীয়ে সহায় কৰে। সেইদৰে মহানগৰীৰ লাচিত নগৰত দুটা হৰিজন বস্তিৰ তিনিশ লোকলৈ দুপৰীয়াৰ আহাৰ স্থানীয় যুৱক জয়ন্ত ডেকাৰ তত্বাৱধানত যোগান ধৰা হয়। ভুৱনেশ্বৰ বৰুৱা কর্কট ৰোগ প্রতিষ্ঠানৰ দুশ গৰাকী ৰোগী, তদাৰককাৰী আৰু কর্মচাৰীক দুপৰীয়াৰ আহাৰৰ যোগান ধৰা হয়। উল্লেখ প্রতিষ্ঠানৰ সঞ্চালক ডা: অমল কটকীয়ে নিজে তদাৰক কৰি এই কামত আগভাগ লয়। দুই এদিনৰ ভিতৰতে দুপৰীয়াৰ আহাৰ ৩০০ জনৰ পৰা ৭০০ জনলৈ বৃদ্ধি কৰিব l কর্কট ৰোগ প্রতিষ্ঠানত দিনৰ আহাৰৰ লগতে ৰাতিৰ আহাৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব l চেনেহৰ এই খাদ্য বিতৰণ ব্যৱস্থাত হাইদাৰাবাদৰ স্বেচ্ছাসেৱী অনুষ্ঠান আই পি এ চি এ ‘চেনেহ’ক বিশেষভাৱে সহযোগিতা কৰিছে বুলি ‘চেনেহ’ৰ সভাপতিয়ে এক বিবৃতি যোগে জনাইছে।