দুবছৰৰ ভিতৰত পৃথিৱীৰ পৰা নাইকীয়া হ’ব কোৰোনাঃ বিশ্ব স্বাস্থ্য সংস্থা

71

ডিজিটেল বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেডৰ’ছ অধান’ম ঘেব্ৰেছাছে আগন্তুক ২ বছৰৰ ভিতৰত পৃথিৱীৰ পৰা কোৰোনাৰ সন্ত্ৰাসৰ অন্ত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। জেনেফাস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ঘেব্ৰেছাছে কয় যে ছোৱাইন ফ্লু’ৰ অন্ত পৰিবলৈ যিমান সময় লাগিছিল, তাতকৈ সোনকালেই কোভিড-১৯ৰ অন্ত পৰিব। সাংবাদিকক আশ্বস্ত কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষগৰাকীয়ে লগতে এয়াও কয় যে ১৯১৮ চনত বিয়পোৱা মহামাৰীতকৈও কম সময়ৰ ভিতৰত কোৰোনাৰ সন্ত্ৰাসৰ অন্ত পৰিব।

সংস্থাটোৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, ‘সময়ৰ লগত ফেৰ মিলাই আজি বিশ্বৰ সকলো দেশেই দ্ৰুতগতিৰে সন্মুখলৈ অগ্ৰসৰ হৈছে, যাৰ ফলত কোৰোনা ভাইৰাছৰো সংক্ৰমণ দ্ৰুত হৈ পৰিছে। কিন্তু সময়ৰ লগে লগে আমি বিজ্ঞান, প্ৰযুক্তিৰ দিশতো সমানে আগবাঢ়িছো আৰু এয়া আমাৰ বাবে অতি লাভজনক।’

উল্লেখ্য যে, ভাৰতসহ বিশ্বৰ ১৮০ খনৰো অধিক দেশ বৰ্তমান এই মহামাৰীৰ কৱলত। সমগ্ৰ বিশ্বত এতিয়ালৈকে ২.২৬ কোটিতকৈও অধিক লোক সংক্ৰমিত হোৱাৰ লগতে ৭.৯৩ লাখ লোকৰ মৃত্যু ঘটিছে। ভাৰতত প্ৰত্যেক দিনেই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত এতিয়া সংক্ৰমিত লোকৰ সংখ্যাই ২৯ লাখৰো অধিক হৈ পৰিছে। আনহাতে ৫৪ হাজাৰৰো অধিক মৃত্যু ঘটিছে কোভিড-১৯ত সংক্ৰমিত হৈ।