গোৱালপাৰাত ৰে’লে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় এজন ৰে’ল কৰ্মচাৰীৰ।
জানিব পৰা মতে, এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় দুধনৈ ৰেলৱে ষ্টেচনত।
নিহত ৰে’ল কৰ্মচাৰীজনৰ নাম দিপাংকৰ গোৱালা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দিপাংকৰ গোৱালাৰ মৃতদেহ উদ্ধাৰ কৰে।
