দুদিন হৈছিলহে! বিকল হৈ পৰিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে

84

গুৱাহাটীঃ দুদিন হৈছিল হে! কিন্তু বেয়া হৈ থাকিল অসম চৰকাৰে প্ৰায় ৫৬ কোটি ব্যয়ৰে নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক ৰ’প ৱে। অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ৰ’প ৱেটোৰ মুকলি কৰিছিল।

কিন্তু মুকলি কৰি দিয়াৰ মাত্ৰ দুদিন পিছতে অৰ্থাৎ বুধবাৰে দেশৰ ভিতৰতে দীৰ্ঘতম ৰ’প ৱেটো বিকল হৈ পৰে। কাৰিকৰী বিজুতিৰ বাবেই ৰ’প ৱেটো বিকল হৈ পৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মঙলবাৰৰ পৰাই ৰ’প ৱেটোত দেখা দিছিল কাৰিকৰী বিজুতি। বৰ্তমান বিকল ৰ’প ৱেটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ৰ’প ৱেটো মেৰামতি কৰি কেতিয়ালৈ পুনৰ মুকলি কৰি দিয়া হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।