দুদিনীয়া ভ্ৰমনসূচীৰে দেওবাৰে অসমত উপস্থিত হব উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। দেওবাৰে পুৱা প্ৰায় ১১ বজাত তেওঁ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত তাৰ পৰা পোনে পোনে যাব পানবজাৰস্থিত পুৰণি উপায়ুক্তৰ কাৰ্যালয়লৈ।
দিনৰ প্ৰায় ১২.৩০ বজাত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত অংশ লোৱাৰ পিছত বিয়লি ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত ভাগ লব উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।
উল্লেখ্য যে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ পৰা ঘোষণা কৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা। প্ৰথম বৰ্ষত এই বঁটা দেওবাৰে প্ৰদান কৰা হব ডঃ নিৰোদ কুমাৰ বৰুৱাক।
আনহাতে দেওবাৰৰ নিশা উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু অসমত কটাই সোমবাৰে পুনৰ তেওঁ দিল্লীলৈ উভতিব।
