দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা! এজনৰ মৃত্যু, আহত কেইবাজনো

86

দেওবাৰে হায়দৰাবাদত দুটাকৈ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন কেইবাজনো আহত হয়। প্ৰথমটো ঘটনা সংঘটিত হয় ৰাজেন্দ্ৰনগৰৰ আৰামঘৰ চৌহদৰ সমীপত। এখন চাৰিচকীয়া বাহনে মটৰবাইকত থকা এজন লোকক খুন্দা মাৰি বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ পিছতে গাড়ীখন চলাই থকা লোকজন পলায়ন কৰে। যিহেতু এয়াৰ বেলুনটো খোল খাইছিল, সেয়েহে তেওঁ কোনো আঘাত নোহোৱাকৈয়ে পলায়ন কৰা বুলি ধাৰণা কৰা হৈছে।

গাড়ীখনত আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰাৰ বটল। চালকজনে মদ্যপান কৰাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি গাড়ীখন চলোৱা ব্যক্তিজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। আন এক ঘটনাত এখন গাড়ীয়ে খুন্দা মাৰি মহানগৰীৰ মাজমজিয়াত থকা হুছেইন সাগৰ হ্ৰদৰ ৰেলিঙত খুন্দা মাৰে।

গাড়ীখন হ্ৰদত পৰিবলৈ অলপ সময় ৰৈ যোৱাৰ লগে লগে এটা নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে আৰোহি। সন্মুখৰ চকা বতাহত ৰাখি ধাৰেৰে বিপদজনকভাৱে ওলমি থকাৰ সময়তে আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।

আপাত দৃষ্টিত তীব্ৰ বেগত চলাই থকা গাড়ীখনে ফুটপাথত উঠি গছ আৰু লোহাৰ ৰেলিঙত খুন্দা মাৰে। দেওবাৰে পুৱাৰ ভাগত এন টি আৰ মাৰ্গত সংঘটিত হয় এই দুৰ্ঘটনা।