দুখীয়ালোক আৰু কপিকুলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

91

ষ্টাফৰিপোৰ্টাৰ, ৩০ এপ্ৰিল :: কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ উদ্যোগত সমাজৰ আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে। ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ নেতৃত্বত ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া, বিশেষ ভাৱে সক্ষম, পথৰ দাঁতিত থকা ৰোগাক্ৰান্ত সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে। বৃহস্পতিবাৰেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ লগতে বৰাচাৰ্ভিছ, উলুবাৰী, পল্টনবজাৰ, ভৰলু, শিলপুখুৰী, চানমাৰী, গুৱাহাটী কলেজ, নাৰেংগী আদি মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা দুখীয়া লোকৰ মাজত দুপৰীয়াৰ আহাৰ যোগান ধৰা হয়। তেওঁ প্রতিদিনে সন্ধিয়া সময়ত কামাখ্যা, নৱগ্ৰহ, বশিষ্ট মন্দিৰত থকা কপিকুলৰ মাজত কল, ৰুটি, বুট আদি খাদ্যসামগ্রী আদি বিতৰণ কৰে বুলি জনায়।