ষ্টাফৰিপোৰ্টাৰ, ২৪ এপ্ৰিল : কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ উদ্যোগত সমাজৰ আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে। ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ নেতৃত্বত ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া, বিশেষ ভাৱে সক্ষম, পথৰ দাঁতিত থকা ৰোগাক্ৰান্ত সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে। শুকুৰবাৰেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ লগতে বৰাচাৰ্ভিছ, উলুবাৰী, পল্টনবজাৰ, ভৰলু, শিলপুখুৰী, চানমাৰী, গুৱাহাটী কলেজ আদি মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা দুখীয়া লোকৰ মাজত দুপৰীয়াৰ আহাৰ যোগান ধৰা হয়। তেওঁ প্রতিদিনে সন্ধিয়া সময়ত কামাখ্যা, নৱগ্ৰহ, বশিষ্ট মন্দিৰত থকা কপিকুলৰ মাজত কল, ৰুটি, বুট আদি খাদ্যসামগ্রী আদি বিতৰণ কৰে বুলি জনায়।
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...