ষ্টাফৰিপৰ্টাৰ, ৩১ মে’ : দেশৰ বানপানী আৰু গৰাখহনীয়াৰ কৱলত পৰা দুখীয়া কৃষক সকলক সকাহ দিবলৈ প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত প্ৰদান কৰা আঁচনিৰ দ্বাৰা অসমৰ পঞ্জীকৃত প্ৰায় ২৭ লাখ কৃষকৰ ভিতৰত মাথোঁ ২৬ হাজাৰ কৃষকেহে বীমাৰ ধন লাভ কৰিছে। এক বিবৃতি যোগে এই কথা সদৰী কৰে অনুসূচীত
জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে। তেওঁ লগতে কয় “এই কথাই প্ৰমাণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা কৃষকৰ সমস্যাকলৈ একেবাৰেই চিন্তিত নহয়।আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই যোৱা চাৰিটা বছৰ কেৱল বিভিন্ন আঁচনিৰ কমিছন সংগ্ৰহ কৰি নিজৰ পুজি টনকিয়াল কৰাৰ বাহিৰে কৃষকৰ বাবে একো কাম নকৰিলে। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ফচল যোজনা ধন মাত্ৰ ২৬ হাজাৰ কৃষকে লাভ কৰাৰ পিছতো এগ্ৰিকালছাৰ ইন্সুৰেন্স কোম্পানী অফ ইণ্ডিয়াক নিয়মিত ভাৱে বীমাৰ প্ৰিমিয়াৰ ধন আদায় দি অহাটো অতি ৰহস্যজনক। বানপানী আৰু গৰাখহণীয়াই ক্ষতিগ্ৰস্ত কৰা কৃষকক সময়ত ধন আদায় দিব নোৱাৰাৰ বাবে অতুল বৰা জগৰীয়া। বৰ্তমান সময়ত ৰাজ্যৰ ১৬,৪২৪ হেক্টৰ বিঘা কৃষি ভূমি বানৰ কৱলত পৰাৰ পাছতো কৃষকক সহায় সহযোগিতা আগবঢ়াবলৈ সমৰ্থ নোহোৱা এইখন বিজেপি এজিপি বিপিএফ মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰি ক্ষতিগ্ৰস্ত কৃষকক তৰিৎ গতিৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰিলোঁ।”