দুখন বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন, আহত ৩০ যাত্ৰী

70

শনিবাৰে পুৱা হাৰিয়ানাৰ ৰোহটক-জিন্দ ঘাইপথৰ জুলানাত দুয়োখন বাহনৰ সংঘৰ্ষত এজন ট্ৰাক চালক নিহত হোৱাৰ লগতে ৩০ জন বাছ যাত্ৰী আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, আহত যাত্ৰীসকলৰ অধিকাংশই চৌধুৰী ৰণবীৰ সিং বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিন্দৰ পৰা গুৰুগ্ৰামলৈ উভতি অহা ছাত্ৰ-ছাত্ৰী। এতিয়াও চিনাক্ত হোৱা নাই ট্ৰাক চালকজনৰ।

আহতসকলক ততাতৈয়াকৈ জুলানাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পৰা ২০জনক ৰোহটকৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (পিজিআইএমএছ), ৰোহটকলৈ প্ৰেৰণ কৰা হয়।