দুখন বাছৰ মাজত সংঘৰ্ষ! নিহত ৮ জন, আহত ১৬

91

উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ সোমবাৰে পুৱা দুখন বাছৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় কমেও ৮ জন লোক। দুৰ্ঘটনাটোত আহত হয় ১৬ জন। আহত সকলৰ তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱা বিহাৰৰ পৰা দিল্লী অভিমুখে গৈ থকা বাছ দুখনে লোনিকত্ৰা থানাৰ নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ সমীপৰ হায়দৰগড় অঞ্চলত সংঘৰ্ষত লিপ্ত হয়। এখন বাছ কেণ্টিনৰ সন্মুখত ৰৈ থকা অৱস্থাতে আনখন বাছে খুন্দা মৰাত দুয়োখন বাছত থকা ৮ জন যাত্ৰীৰ মৃত্যু ঘটে।

আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি লক্ষ্ণৌ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হয়। আহত সকলৰ ৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। নিহত সকলৰ পৰিয়াললৈ তেওঁ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে।