দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ! যমুনা এক্সপ্ৰেছৱে’ত প্ৰাণ গ’ল ৪ জনৰ…

67

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছৱে’ত শুকুৰবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়।

মথুৰাৰ চুৰিৰ থানা এলেকাৰ অন্তৰ্গত যমুনা এক্সপ্ৰেছৱেৰ মাইলষ্টোন ৮৭ত দুখন গাড়ীৰ সংঘৰ্ষৰ ফলত মৃত্যু ঘটে লোক কেইজনৰ।

নিহত সকলৰ তিনিজনক চন্দ্ৰপাল সিং, বিশম্বৰ আৰু হৰেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে যদিও এজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।