হিন্দী আৰু মাৰাঠী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে সুপৰিচিত প্ৰবীণ অভিনেত্ৰী সীমা দেওৰ বৃহস্পতিবাৰে ৮৩ বছৰ বয়সত মৃত্যু হয়। ৰাজেশ খান্নাৰ সৈতে আনন্দ (১৯৭১), সঞ্জীৱ কুমাৰ আৰু জয়া ভাদুৰীৰ সৈতে কোশীষ (১৯৭২), ৰেখাৰ সৈতে সংসাৰ (১৯৮৭) আদি গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰি তেওঁ দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক বিবৃতিত সীমা দেওৰ পুত্ৰ তথা দিল্লী বেলী আৰু ব্লেকমেইলৰ দৰে ছবিৰ কামৰ বাবে পৰিচিত অভিনয় দেওৱে প্ৰকাশ কৰে যে, “ আজি মোৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ এলজাইমাৰ ৰোগত আক্ৰান্ত আছিল।’’
২০২০ চনত তনহাজীৰ দৰে ছবিত অজয় দেৱগনৰ সৈতে সহযোগিতা কৰা প্ৰখ্যাত অভিনেতা তেওঁৰ কনিষ্ঠ পুত্ৰ অজিংক্য দেওৱে টুইটাৰযোগে মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰিছিল।
বৰ্ষীয়ান অভিনেত্ৰীগৰাকীৰ বিয়োগে ছবি জগতৰ শোকৰ ছাঁ পেলাইছে।
