দেশৰ গণতন্ত্ৰ দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা লালকিল্লাত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জৰিত মুল অভিযুক্ত দীপ সিদ্ধু গ্ৰেপ্তাৰ হোৱা পিছত আন এজন অভিযুক্ত ইকবাল সিঙক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ শাখা জানিব দিয়ে যে ইকবাল সিংক পাঞ্জাৱৰ হোচিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে ইকবাল সিঙক সম্ভেদ দিব পাৰিলে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষনা কৰিছিল দিল্লী আৰক্ষীয়ে ।
উল্লেখ্য, ইকবাল সিঙে ২৬ জানুৱাৰীত লালকিল্লাত উপস্থিত আছিল । ইকবাল সিঙে লালকিল্লাৰ প্ৰৱেশ দুৱাৰ ভাঙি পতাকা উত্তোলন কৰিবলৈ মানুহক প্ৰৰোচিত কৰিছিল বুলি এক অভিযোগ উঠাৰ লগতে হিংসাত্মক ঘটনাৰ সময়ত ফেচবুক লাইভ কৰি আছিল বুলিও এক গোচৰ ৰুজু হৈছে ।