দীপাৱলীৰ পূৰ্বে মোক্ষম আঘাত চীনৰ অৰ্থনীতিত। দীপাৱলীৰ বতৰত প্ৰায় চীনক প্ৰায় এক লাখ কোটি টকাৰ অৰ্থনৈতিক আঘাত ভাৰতৰ।
দৰাচলতে এইবাৰ ভাৰতে উৎসৱৰ বতৰত ঘৰুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বাতিল কৰা হৈছে সস্তীয়া চীনা সামগ্ৰী। দুৰ্গা পূজা বা দীপাৱলী বা ধনতেৰাছত বাতিল হৈছে চীনত নিৰ্মত সামগ্ৰী। দেশৰ জনতাই দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ বাবেই ঘৰুৱা বজাৰে লাভ কৰিছে প্ৰাধান্যতা। কেন্দ্রৰ ‘ভ’কেল ফৰ লোকেল’ আৰু ‘মেড ইন ইণ্ডিয়া’ৰ আহ্বানৰ প্ৰতি এতিয়া সঁহাৰি জনাইছে দেশবাসীয়ে৷ চেম্বাৰ্ছ অৱ কমাৰ্চে প্ৰদান কৰা তথ্য অনুসৰি এইবাৰ ভাৰতত ধনতেৰাছ উৎসৱৰ ব্যৱসায়ৰ মূল্য ৫০ হাজাৰ কোটি টকা। আৰু এই ব্যৱসায় হৈছে স্থানীয় সামগ্ৰীৰ।
প্ৰতি বছৰে এই উপলক্ষে কেৱল সোণ-ৰূপৰ সামগ্ৰীয়েই নহয় বিভিন্ন সামগ্ৰীও ক্ৰয় কৰা হয়। ইয়াৰ উপৰিও বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সঁজুলিও অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতি বছৰে দিল্লীৰ বিভিন্ন বজাৰ যেনে চান্দনী চক, ভাগীৰথ মাৰ্কেটত হাজাৰ হাজাৰ চীনা সামগ্ৰীৰে ভৰি থাকে। কিন্তু এইবাৰ গহনা, ঘৰুৱা সামগ্ৰী, গাড়ী – সকলো বস্তুতে ভাৰতত নিৰ্মিত সামগ্ৰীৰ বিক্ৰীৰ উত্থান ঘটিছে। দেশবাসীয়ে বৰ্জন কৰিছে চীনৰ সামগ্ৰী।
ইয়াৰ উপৰিও মহিলা উদ্যোগীসকলৰ ব্যৱসায়ো এইবাৰ ভালকৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। চেম্বাৰ অৱ কমাৰ্চ CAITয়েও দাবী কৰিছে যে দেশৰ জনসাধাৰণে চীনৰ সামগ্ৰী প্ৰত্যাখ্যান কৰাৰ বাবেই দেশৰ বাণিজ্য বৃদ্ধি পাইছে।