দীঘলীপুখুৰী পাৰত আজিৰে পৰা নাথাকিব ‘খাওগলি’

6

দীঘলীপুখুৰী পাৰত আজিৰে পৰা নাথাকিব খাওগলি। প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই খাওগলিত উচ্ছেদ GMCৰ। বুলড’জাৰ লগাই এফালৰ পৰা ভাঙিলে খাওগলিৰ দোকান। বিকল্প ব্যৱস্থা নকৰাকৈ GMC-এ উঠাই দিলে খাওগলি। বছৰদিয়েক পূৰ্বে GMC-এ দীঘলীপুখুৰীত স্থাপন কৰিছিল খাওগলি।কালি নিশা ১০.৩০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগম (GMC) য়ে খাওগলিত চলাই বুলড’জাৰৰে উচ্ছেদ অভিযান। জানিব পৰা মতে প্ৰশাসনে খাওগলিৰ প্ৰায় ৭০ খন বিপণী উচ্ছেদ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে প্ৰশাসনে এই ঠাই খালী কৰাৰ বাবে বিপণীসমূহক জাননী জাৰি কৰিছিল। জাননী অনুসৰি ২৬ নৱেম্ববৰৰ নিশা ১০ বজাৰ পূৰ্বে তেওঁলোকে সেই ঠাই খালী কৰিব লাগিছিল। কিন্তু নিৰ্ধাৰিত সময়ত ঠাই খালী নকৰাত প্ৰশাসনে ১০.৩০ বজাত এই অভিযান চলায়।গুৱাহাটীৰ উক্ত অঞ্চলত চলি থকা উৰণ সেতু নিৰ্মাণৰ কামৰ বাবে এই উচ্ছেদ চলাই পৌৰ নিগমে। উচ্ছেদৰ সময়ত একাংশ পদ পথৰ দোকানীয়ে উচ্ছেদকাৰীসকলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।উল্লেখ কৰা প্ৰয়োজন যে, এই উৰণ সেতু নিৰ্মাণৰ কামৰ বাবে কিছুদিন পূৰ্বে দীঘলীপুখুৰীৰ গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। অৱশ্যে ছাত্ৰ- ছাত্ৰী, সাধাৰণ ৰাইজৰ প্ৰতিবাদৰ অন্তত এই সিদ্ধান্ত সলনি কৰিছিল চৰকাৰে। ৰাইজৰ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে দীঘলীপুখুৰীৰ পাৰৰ গছ কটা নহয়।