দিশপুৰত মঞ্জু সিংহৰ অনুবাদ গ্ৰন্থ উন্মোচন

69

আজি সম্পূর্ণ কোভিড প্ৰট’কল মানি অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত দিশপুৰ প্ৰেছ ক্লাব প্ৰাংগণত দিনৰ এক বজাত বৰাক উপত্যকাৰ শিলচৰৰ লেখিকা মঞ্জু সিংহৰ অনুবাদ গ্ৰন্থ “ক’ত পাম তোমাক” শুভ উন্মোচন কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ চাৰু চহৰীয়া নাথে কয়- অসমীয়া সাহিত্য জগতৰ প্ৰতি দিশতে লেখিকাৰ বৰঙণি অন্যন্য,অপৰিসীম।বগেজাৰী,পদ্মাপ্ৰিয়াৰ পৰা আৰম্ভ কৰি আজিলৈ অসমৰ বহু লেখিকাই গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল নিকপকপীয়া কৰি তুলিছে। আমি আশা কৰোঁ শৈশৱ- কৈশোৰ কালৰ পৰা সাহিত্যৰ প্ৰতি আগ্ৰহান্বিত হ’ব লাগে। পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা বিশিষ্ট সাহিত্যিক- সাংবাদিক পদ্মশ্রী ড০ সূৰ্য হাজৰিকাই  কয়- অনুবাদ গ্ৰন্থৰ বিশেষত্ব বহুতো আছে। এখন হৃদয়ৰ পৰা অইন এখনলৈ অনুবাদ কৰ্মৰে স্থাপন কৰিব পাৰি। অনুবাদ উৎকৃষ্ট মাধ্যম। অনুবাদ মাধ্যমেৰে জগৎ জিনিব পাৰি। বৰ্বৰতা, অন্যায়, অত্যাচাৰ,অবিচাৰ আদি উপন্যাস,গল্পৰ মাজেৰে প্ৰকাশ কৰি ইয়াৰ আশু সমাধান কৰিব লাগে। বিশিষ্ট শিল্পী,পৰিচালক সোণমণি দত্তই কয়- মানুহৰ মাজত হতাশা আনিব নালাগে। এন্ধাৰ বিনাশি আমি আগবাঢ়িব লাগে।সংঘাত হেলাৰঙে আঁতৰাব লাগে। লেখক-সাংবাদিক- শিল্পীসকলে মানসিক ভাবে ৰাইজক সজাগ,সাহস কৰি তুলিব লাগে। আমাৰ আদৰ্শৰ প্ৰতীক হৈ ৰ’ব ৭৮ বছৰীয়া অনুবাদিকা মঞ্জু সিংহ বাইদেউ। সভাত ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বৰেণ্য সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই কয়- আজিৰ তাৰিখত মানুহবোৰ মানুহ হৈ থকা নাই। আজিকালি বহু সন্তানে পিতা-মাতাক পাহৰি গৈছে। সেয়েহে, প্ৰতি পিতা-মাতাই নিজ-নিজ কৰ্মৰে আগবাঢ়িব লাগে। সভাত গুৱাহাটী দূৰদৰ্শন কেন্দ্রৰ প্ৰাক্তন সঞ্চালক দেবেন্দ্র নাথ বসুমতাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতা, এছ  ছি ই আৰ টিৰ যুটীয়া সঞ্চালক তথা শিক্ষাবিদ নৰেন নাথ, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা অঞ্জনা দাস হাজৰিকা, গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক অৱনী ৰঞ্জন পাঠক, বিশিষ্ট লেখক তথা প্ৰাক্তন বিষয়া ইন্দ্ৰেশ্বৰ নাথ, বিশিষ্ট গীতিকাৰ-কবি শচীন দাস, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহই সন্মানিত অতিথিৰ ভাষণত মঞ্জু সিনহাৰ সাহিত্য সাধনা, একাগ্রতাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে। সমজুৱাৰ পৰা আৰ জে মেঘা, সমাজসেৱী ববিতা সিংহই বক্তব্য দাঙি ধৰা সভাত দশম শ্রেণীৰ ছাত্রী এঞ্জেলিনা দাসে কবিতা আবৃত্তি কৰাৰ লগতে সভাৰ আৰম্ভণিতে মংগলাচৰণ কৰে মধুমিতা সিনহাই, মিনাক্ষী সিনহাই আদৰণি ভাষণ দিয়া সভাৰ শলাগৰ শৰাই আগবঢ়াই অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মানসী সিনহাই। শেষত প্ৰাৰ্থনা পৰিবেশন কৰে মুনমুন চেতিয়াই।