ষ্টাফৰিপোৰ্টাৰ,,২৫ মে’ :: ভাৰতবৰ্ষৰ অন্যতম সন্মানীয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্রী ক্ৰমে দেৱাংগনা কলিতা আৰু নাতাশা নাৰৱালক কা বিৰোধী আন্দোলনত অংশ গ্রহণ কৰাৰ বাবে দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰা কাৰ্য্যক প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ ডাঙৰীয়াই তীব্র গৰিহণা দিছে। গগৈয়ে কয় যে দেশৰ সংবিধানে সকলো নাগৰিককে চৰকাৰৰ নীতিৰ বিৰুদ্ধে গণতান্ত্রিক আৰু অহিংস প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্র-ছাত্রীয়ে সেই সময়ত অহিংস আৰু গণতান্ত্রিক প্ৰতিবাদ কৰিছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এই মেধাবী ছাত্রী দুগৰাকীয়েও এই আইনৰ বিৰোধিতাৰে শান্তিপূর্ণ প্ৰতিবাদ কৰিছিল। এনেদৰে ছাত্রী কেইগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্য্য ৰাজনৈতিক আক্ৰোশমূলক আৰু ইয়াৰ দ্বাৰা বিজেপি চৰকাৰে নাগৰিকৰ মত প্ৰকাশৰ অধিকাৰ খর্ব কৰিব বিচাৰিছে। গ্ৰেপ্তাৰ কৰা দেৱাংগনা কলিতা আমাৰ অসমৰ এগৰাকী মেধাবী ছাত্রী। বিষয়টোৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীয়ে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰি অনতিপলমে দুয়োগৰাকী ছাত্রীকে মুকলি কৰি দিয়াৰ বাবে দিল্লী আৰক্ষীক নিৰ্দেশ দিবলৈ আহ্বান জনাইছে।