দিল্লী দখলৰ যুঁজত পৰাজিত কেজৰিৱাল! ৰাজ্যসভাতো গৃহীত দিল্লী অধ্যাদেশ বিধেয়ক, ২০২৩

258

দিল্লী দখলৰ যুঁজত পৰাজিত কেজৰিৱাল চৰকাৰ! এইবাৰ ৰাজ্যসভাতো বিতৰ্কিত দিল্লী অধ্যাদেশ বিধেয়ক ২০২৩ গৃহীত হয়। বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ পিছতো সোমবাৰে নিশা সংসদৰ উচ্চ সদনত ভোটদান আৰম্ভ হয়। ১৩১জন সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। ১০১ গৰাকী বিধায়কে এই বিধেয়কৰ বিপক্ষে ভোটদান কৰে।

উল্লেখ্য যে, সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত বিতৰ্কিত দিল্লী অধ্যাদেশ বিধেয়ক উত্থাপন কৰে। এই বিধেয়ক ইতিমধ্যে লোকসভাত গৃহীত হৈছে। ফলত বিৰোধী ‘INDIA’ মিত্ৰজোঁটে ৰাজ্যসভাত মোডী চৰকাৰক ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু শাসকীয় দলটোৱে কেৱল সংখ্যাৰ ভিত্তিত যুদ্ধত সুবিধাজনক অৱস্থাত আছিল। অৱশ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে সোমবাৰে ‘INDIA’ মিত্ৰজোঁটৰ প্ৰথমখন ঐক্যবদ্ধ যুঁজৰ সাক্ষী হ’ব সংসদৰ উচ্চ সদনে। প্ৰথম ৰাউণ্ডত গেৰুৱা শিবিৰে জয়লাভ কৰিলেও মিত্ৰজোঁটৰ সৈতে যুঁজ যে সহজ নহ’ব তাৰ ইংগিত ইতিমধ্যেই পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনাই আজি হুইল চেয়াৰত বহি ৰাজ্যসভাত উপস্থিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ।

এই বিধেয়কখন যোৱা বৃহস্পতিবাৰে লোকসভাত গৃহীত হয়। ইয়াৰ পিছতে সভাকক্ষৰ পৰা ওলাই আহিল বিৰোধী দল। মন কৰিবলগীয়া যে ২০১৮ চনৰ পৰা অৰবিন্দ কেজৰিৱালৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত লেফটেনেণ্ট গৱৰ্ণৰৰ ক্ষমতা আৰু দিল্লী চৰকাৰৰ সীমাবদ্ধতাৰ বিৰুদ্ধে যুঁজি আছিল। সেই গোচৰত ৫ জনীয়া এখন সংবিধান বিচাৰপীঠ গঠন কৰা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সংবিধান বিচাৰপীঠে কয় যে প্ৰকৃত প্ৰশাসনিক ক্ষমতা লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত নহয়, নিৰ্বাচিত চৰকাৰ আৰু কেবিনেটৰ হাতত থাকিব লাগে।

উচ্চতম নিৰ্দেশনাৰ পিছত কেন্দ্ৰই দিল্লীৰ চিএনচিটি চৰকাৰ (সংশোধনী) অধ্যাদেশ শীৰ্ষক অধ্যাদেশ আনে। ‘ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা প্ৰাধিকৰণ’ গঠন কৰা হয়। মোডী চৰকাৰে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড আইন, ১৯৯১ সংশোধন কৰি এই অধ্যাদেশ আনিছিল।