ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পইণ্ট তালিকাৰ নিম্ন স্থানত থকা দিল্লী কেপিটেলছৰ দলটোত এক ডাঙৰ পৰিৱৰ্তন হৈছে। দিল্লী কেপিটেলছে যুৱ বেটছমেন প্ৰিয়ম গাৰ্গক দলটোত অন্তৰ্ভুক্ত কৰিছে। নিলামৰ সময়ত বিক্ৰী নোহোৱা প্ৰিয়ম গাৰ্গে দিল্লী কেপিটেলছ দলত আঘাতপ্ৰাপ্ত কমলেশ নগৰকোটিৰ স্থান ল’ব। এই ছিজনৰ আৰম্ভণিৰ পৰা, ফাষ্ট বলাৰ কমলেশ নগৰকোটিয়ে আঘাতৰ সৈতে যুঁজি আছিল। কমলেশে দিল্লী কেপিটেলছৰ হৈ এখনো মেচ খেলিব নোৱাৰিলে আৰু এই সপ্তাহৰ আৰম্ভণিতে তেওঁ আই পি এলৰ ১৬ তম ছিজনৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পিছত, দিল্লী কেপিটেলছে প্ৰিয়ম গাৰ্গ আৰু বেংগল দলৰ অধিনায়ক অভিমন্যু ঈশ্বৰণক পৰীক্ষণৰ বাবে মাতিছিল। স্পৰ্টচকিডাৰ প্ৰতিবেদন অনুসৰি, দুয়োজন খেলুৱৈক মঙলবাৰে আৰু বুধবাৰে পৰীক্ষা কৰা হৈছিল। মিডল অৰ্ডাৰ শক্তিশালী কৰিবলৈ, দিল্লী কেপিটেলছে প্ৰিয়ম গাৰ্গক দলত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ আগতে, প্ৰিয়ম গাৰ্গ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অংশ আছিল। উল্লেখ্য যে প্ৰিয়ম গাৰ্গৰ আইপিএলত তিনিটা ছিজন খেলাৰ অভিজ্ঞতা আছে। প্ৰিয়ম গাৰ্গে ২০২০ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপত টীম ইণ্ডিয়াক নেতৃত্ব দিছিল। ইয়াৰ পিছত, তেওঁক ছানৰাইজাৰ্ছ হায়দৰাবাদে ১.৯০ কোটি টকাত ক্ৰয় কৰে। অৱশ্যে, গাৰ্গে দলটোৰ বিশ্বাস পালন কৰিব নোৱাৰিলে। গাৰ্গে এতিয়ালৈকে আই পি এলত ১৭ খন খেল খেলিছে আৰু এই সময়ছোৱাত তেওঁ মাত্ৰ ১৫.২৯ গড়ে ২৫১ ৰান সংগ্ৰহ কৰিছিল। প্ৰিয়ম গাৰ্গৰ ষ্ট্ৰাইক ৰেটো মাত্ৰ ১১৫.১৪ আছিল। একেৰাহে তিনিটা চিজনৰ পিছত, ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰিয়ম গাৰ্গক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়।
