দিল্লী আৰক্ষীৰ সৈতে খালিস্তানী উগ্ৰপন্থীৰ সংঘৰ্ষ। শেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন উগ্ৰপন্থীক। জানিব পৰা মতে, দুই উগ্ৰপন্থীয়ে এজন পাঞ্জাবী গায়কক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কানাডাত বাস কৰা কুখ্যাত খালিস্তানী সন্ত্ৰাসবাদী আৰ্ছ ডাল্লাৰ গোটৰ সদস্য ধৃত দুই যুৱক। NIA ৰ বাহিৰেও এই গেংষ্টাৰ দুটা দিল্লী আৰু পঞ্জাৱ আৰক্ষীৰ ৱাণ্টেড লিষ্টত আছে। পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ লগত জড়িত গোল্ডি ব্ৰাৰৰ দলৰ সৈতে ঘনিষ্ঠতা থকাৰ লগতে লস্কৰ-ই-তৈবাৰ সৈতেও যোগাযোগ থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
জানিব পৰা মতে উগ্ৰপন্থী দুজনৰ নাম বীৰেন্দ্ৰ আৰু ৰাজা। পঞ্জাৱৰ এখন কাৰাগাৰত বন্দী হৈ আছিল দুয়োকে। কিছুদিন পূৰ্বে পেৰ’লত মুকলি কৰি দিয়া হৈছিল দুই উগ্ৰপন্থীক। অৱশ্যে ম্যাদ উকলি যোৱাৰ পাছতো তেওঁলোক পুনৰ জেললৈ ঘূৰি নাহিল। পলায়ন কৰাৰ সময়তে দুয়োজন উগ্ৰপন্থীয়ে দিল্লী আৰক্ষীৰ সৈতে বন্দুক যুঁজত লিপ্ত হয়। দেওবাৰে মাজনিশা ময়ুৰ বিহাৰ অঞ্চলত দীঘলীয়া সংঘৰ্ষৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী খালিস্তানীক। খবৰ অনুসৰি এজন উগ্ৰপন্থীৰ ভৰিত গুলী লাগিছে।
প্ৰথম অৱস্থাত উগ্ৰপন্থী দুজনে এজন পাঞ্জাবী গায়কক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। ক্ৰছ-একজামিনেচনত জানিব পৰা গৈছে যে তেওঁলোকে আৰ্ছদীপ ওৰফে আৰ্ছ দল্লাৰ বাবে কাম কৰি আছিল। এই আৰ্ছ দল্লাই ২০২০ চনত ভাৰত এৰি থৈ যায়। NIA-এ তেওঁক খালিস্তানী উগ্ৰপন্থী বুলি চিনাক্ত কৰিছে। কানাডাৰ বাসিন্দা আৰ্ছো পঞ্জাৱ আৰু দিল্লী আৰক্ষীৰ ৱাণ্টেড তালিকাত আছে।