দিল্লীৰ ৰাজপথত উদণ্ড চালকৰ দৌৰাত্ম্য, ট্ৰেফিক আৰক্ষীক নিলে চোঁচৰাই…

65

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰাজপথত বাহন চালকে কেৰেপ নকৰে ট্ৰাফিক পুলিছ কিম্বা আৰক্ষীক। দিল্লীৰ এনে অৰাজক পৰিস্থিতিৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ফেন্সী নম্বৰ প্লেট ব্যৱহাৰ কৰা এখন বাহন ৰখাবলৈ চেষ্টা কৰা ট্ৰাফিক পুলিচকে ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই লৈ গ’ল চালকে।

ঘটনা ৰাজধানী চহৰ দিল্লীৰ ধোলাকুঁৱাৰ। মহিপাল সিং নামৰ ট্ৰেফিক কনিষ্টবলজনে কৰ্তব্য পালন কৰি থকাৰ সময়তে দেখা পায় এখন ফেন্সী নম্বৰ প্লেট ব্যৱহৃত বাহন। ট্ৰেফিক কনিষ্টবলজনে নিজৰ দায়িত্ব পালন কৰি বাহনখন ৰখাবলৈ যাওতে উদণ্ড চালকে কনিষ্টবলজনকে চোঁচৰাই লৈ যায়। প্ৰায় ৪০০ মিটাৰ ট্ৰেফিক কনিষ্টবলজনক বাহনখনৰ বনেটৰে চুঁচৰাই নিয়াৰ পিছত কথমপি প্ৰাণৰক্ষা পৰে ট্ৰেফিক কনিষ্টবল মহিপাল সিঙৰ। অৱশ্যে পিছত ১ কিলোমিটাৰ পথ পিছা কৰি আৰক্ষীয়ে উদণ্ড চালকজনক বাহনসহ আটক কৰিবলৈ সক্ষম হয়।

দিল্লীৰ ৰাজপথত এনে উদণ্ড চালকৰ দৌৰাত্ম্যই এতিয়া চিন্তাত পেলাইছে আৰক্ষী-প্ৰশাসনকো।