ৰাজহুৱা স্থানত মহিলাৰ সুৰক্ষাক লৈ অব্যাহত থকা উদ্বেগৰ মাজতে দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনী অঞ্চলৰ এখন হোটেলত মদ্যপান কৰা যুৱকৰ কথিত আক্ৰমণৰ বলি হয় অসমৰ এগৰাকী মহিলা।
খবৰ অনুসৰি কৰণ পেলেচ গেষ্ট হাউচত ২৬ আগষ্টৰ নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই কাণ্ড।
জানিব পৰা মতে, নবীন কুমাৰ সিং নামৰ অভিযুক্তজনে মদ্যপান কৰি ভুক্তভোগীৰ কোঠাৰ দুৱাৰৰ কাষ চাপিছিল আৰু তৎক্ষণাত দুৱাৰখন খুলিবলৈ কয়।
কিন্তু মহিলাগৰাকীয়ে অনুপ্ৰৱেশকাৰীৰ দাবী নাকচ কৰি দুৱাৰখন খোলা নাছিল যাৰ পিছত সিঙে বলপূৰ্বকভাৱে তেওঁৰ কোঠাত প্ৰৱেশ কৰে। তেওঁ মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
এই দুখজনক অধ্যায়ৰ পিছত ভুক্তভোগীয়ে তৎক্ষণাত স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰিছে।
