দিল্লীৰ সীমান্তত পুনৰ ট্ৰাকে মহতিয়াই নিলে মহিলা কৃষকক, ৩ জনৰ মৃত্যু

63

ডিজিটেল ডেস্কঃ আকৌ এবাৰ কৃষি আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি থকা মহিলা কৃষকক মহতিয়াই নিলে ট্ৰাকে। এইবাৰ এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীৰ টিক্ৰি সীমান্তত।

দেশৰ বিভিন্ন ৰাজ্যৰ কৃষকসকলে প্ৰায় ১১ মাহ ধৰি কেন্দ্ৰৰ নতুন তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি দিল্লী-হাৰিয়ানা সীমান্তত বহি প্ৰতিবাদত সাব্যস্ত কৰি আছে। বুধবাৰে নিশা আন্দোলনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত একাংশ মহিলা কৃষকে ৰাস্তাৰ ডিভাইডাৰত বহি থকা অটোৰ বাবে অপেক্ষা কৰি আছিল বুলি জানিব পৰা গৈছে।

সেই সময়ত, এখন দ্ৰুতবেগী ট্ৰাকে গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি মহিলা কৃষকক মহতিয়াই নিয়ে। যাৰ ফলত দুগৰাকী মহিলা আন্দোলনকাৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটে আৰু এগৰাকী চিকিত্সালয়লৈ নিয়াৰ পথত শেষ নিশ্বাস ত্যাগ কৰে। এই দুৰ্ঘটনাত আন তিনিগৰাকী মহিলা আহত হয়। খবৰ অনুসৰি মৃতা পঞ্জাৱৰ মানসা জিলাৰ বাসিন্দা। তেওঁ সেইদিনা অবস্থান প্ৰতিবাদত যোগদান কৰিবলৈ আহিছিল।

ইফালে ট্ৰাকৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, লখিমপুৰ খেৰী ঘটনাক লৈ সমগ্ৰ দেশত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ ট্ৰাকৰ খুন্দাত তিনিগৰাকীকৈ মহিলা কৃষকৰ মৃত্যুৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।