দিল্লীৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ অসমৰ ৫ গৰাকী যুৱতীক…

228

নতুন দিল্লীঃ নতুন দিল্লীত সন্দেহযুক্ত মানৱ সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা হয় অসমৰ পাঁচগৰাকী যুৱতীক।

জানিব পৰা মতে উদ্ধাৰ হোৱা যুৱতী কেইগৰাকী শোণিতপুৰ জিলাৰ ৰঙাপাৰ অঞ্চলৰ।

জানিব পৰা মতে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল আটাই কেইগৰাকী যুৱতী।

ৰঙাপাৰ আৰক্ষী থানাত তেওঁলোকৰ পৰিয়ালে নিৰুদ্দেশৰ অভিযোগ পঞ্জীয়ন কৰাৰ পিছতে বিষয়টো পোহৰলৈ আহে।

অসম আৰক্ষী আৰু তেওঁলোকৰ দিল্লী সমকক্ষৰ লগতে স্বেচ্ছাসেৱী সংগঠনে কেইবাটাও স্থানৰ পৰা যুৱতী কেইগৰাকীক উদ্ধাৰ কৰে।

তথ্য অনুসৰি গাজিয়াবাদ, ফৰিদাবাদ, হাৰিয়ানা আৰু দক্ষিণ দিল্লীৰ পৰা উদ্ধাৰ কৰা হৈছে অসমীয়া যুৱতী কেইগৰাকীক।

ইফালে, এই গোচৰৰ সন্দৰ্ভত ভদ্ৰ ওৰাং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অধিক তদন্ত চলি আছে।