দিল্লীৰ জয়পুৰৰ গল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত ২০ কোভিড ৰোগীৰ মৃত্যু

69

ৰাজধানী চহৰ দিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে। দিল্লীৰ জয়পুৰৰ গল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে ২০গৰাকী কোৰোনা ৰোগীৰ। হাস্পতালখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, অক্সিজেনৰ অভাৱতে এই ২০গৰাকী ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, অক্সিজেনৰ অভাৱ থকা হস্পতালখনত এতিয়াও ২০০গৰাকী কোৰোনা ৰোগীৰ অৱস্থা সংকটজনক।