দিল্লীৰ কাৰ্বি শান্তি চুক্তিক লৈ অশান্ত কাৰ্বি আংলং

102

দিল্লীৰ কাৰ্বি শান্তি চুক্তিক লৈ অশান্ত হৈ পৰিছে কাৰ্বি আংলং। এই শান্তি চুক্তিৰ বিৰোধীতাৰে জিলাখনত প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দল-সংগঠনে। ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ ফেলাংপি অঞ্চলত শান্তি চুক্তিৰ বিৰোধিতাৰে ৰাজপথত গছ বগৰাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। যাৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ইফালে গছ পেলাই পথ অৱৰোধ কৰাৰ ফলত বিভিন্ন স্থানলৈ যোৱাৰ উদ্দেশ্য ওলাই অহা বহু লোক বহু সময় হৈ পৰে আৱদ্ধ। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গছ আঁতৰাই পথছোৱা মুকলি কৰা বুলি জানিব পৰা গৈছে ।

ইফালে ৰাজপথত গছ বাগৰাই পথ অৱৰোধেৰে প্ৰতিবাদ কৰা ঘটনাত কোনটো সংগঠন বা কোন লোক জড়িত সেয়া এতিয়াও স্পষ্ট হোৱা নাই।