দিল্লীত ৭২ লাখ লোকক বিনামূলীয়া খাদ্য সামগ্ৰী প্ৰদানৰ ঘোষণা কেজৰিৱাল চৰকাৰৰ। ৰেচন কাৰ্ড হোল্ডাৰ ৭২ লাখ লোকক দুমাহৰ বাবে প্ৰদান কৰা হব খাদ্য সামগ্ৰী। তদুপৰি দিল্লীৰ অট’ চালক আৰু টেক্সি চালক সকলকো ৫০০০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হব বুলি ঘোষণা দিল্লী চৰকাৰৰ।
কোৰোনাৰ এনে ভয়াবহ পৰিস্থিতিৰ সময়ত যাতে কোনো পৰিয়ালত আৰ্থিক সংকট সৃষ্টি নহয়, তাৰ বাবেই বিনামূলীয়া খাদ্য সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ মুখ্যমন্ত্ৰী কেজৰিৱালৰ। উল্লেখ্য যে, বৰ্তমান দিল্লীত কোৰোনা সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাইছে। যাৰ বাবে চৰকাৰে ইতিমধ্যে লকডাউন ঘোষণা কৰিছে। অহা ১০ মে’ পৰ্যন্ত লকডাউন ঘোষণা কৰা হৈছে কেন্দ্ৰীয় শাসিত প্ৰদেশখনত।