দিল্লীত সান্ধ্য আইন জাৰি…

65

কোৰোনাৰ ভয়াবহ সংক্ৰমণত আতংকিত দেশবাসী। প্ৰতিদিনে লক্ষাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত। প্ৰাণ হেৰুৱাইছে শতাধিক জনে। কোৰোনাৰ দ্বিতীয় লহৰে সৃষ্টি কৰা আতংকৰ প্ৰতি লক্ষ্য ৰাখিয়েই পুনৰ এবাৰ সতৰ্ক হৈছে প্ৰশাসন তথা ৰাজ্য চৰকাৰসমূহে।

কোৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে দিল্লীত সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে। ২৬ মে’ পৰ্যন্ত এই সান্ধ্য আইন বাহাল থাকিব বুলি সোমবাৰে জানিবলৈ দিছে দিল্লী চৰকাৰে। সান্ধ্য আইনৰ সময়ছোৱাত সকলো দোকান-পোহাৰ বন্ধ থাকিব। উল্লেখ্য যে, দিল্লীত সৰ্বাধিক লোক এই ভাইৰাছৰ কবলত পৰিছে।