ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত অব্যাহত থকা তীব্ৰ ৰাজনৈতিক উত্তেজনাৰ মাজতে সোমবাৰে দিল্লী ভ্ৰমণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আনহাতে, তেওঁৰ দিল্লী ভ্ৰমণৰ প্ৰথম দিনটোতে সম্মুখীন হয় বিপত্তিৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম দিনটত ৰাজধানীত প্ৰায় আধা ঘণ্টা অন্ধকাৰত কটাব লগা হয়। তেওঁৰ বাসগৃহৰ কাষৰ দিল্লীৰ চাউথ এভিনিউ এলেকাত যান্ত্ৰিক বিভ্ৰাটৰ বাবে প্ৰায় ৩০ মিনিটৰ বাবে বিদ্যুৎ কৰ্তন হৈ থকাত অন্ধকাৰত থাকিব হয় মমতা বেনাৰ্জী।
মমতা সোমবাৰে আবেলি ৪.২৫ বজাত দিল্লীত উপস্থিত হয়। তাৰ পিছত তেওঁ পোনপটীয়াকৈ চাউথ এভিনিউ ১৮৩ ত অভিষেক বেনাৰ্জীৰ বাংলোলৈ যায়। সন্ধিয়া প্ৰায় ৭.৪৫ বজাত লোড শ্বেডিংৰ ফলত গোটেই পৰিৱেশটো অন্ধকাৰে আৱৰি ধৰে।
উল্লেখ্য যে, হেভিৱেট নেতা আৰু মন্ত্ৰী, সাংসদসকলে এই চাউথ এভিনিউত বাস কৰে। ৰাষ্ট্ৰপতি ভৱনৰ নাতিদূৰত অৱস্থিত এলেকাটোত প্ৰায় আধা ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন কৰাৰ বাবে উদ্বেগ বিয়পি পৰে। কিন্তু এই ঘটনাটোৰ কাৰণ কি? খবৰ অনুসৰি, এনডিএমচিৰ অধীনৰ এলেকাটো যান্ত্ৰিক সমস্যাৰ বাবে হঠাতে বৈদ্যুতিকৰণ কৰা হয়।
