নতুন দিল্লীঃ প্ৰয়াত মুখ্যমন্ত্ৰী তথা ৬ বছৰৰ সাংসদ তৰুণ গগৈৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় নতুন দিল্লীত। ভাৰতীয় যুৱ কংগ্ৰেছৰ কাৰ্যালয় চৌহদত আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। য’ত উপস্থিত থাকে সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক কৃষ্ণা আল্লাভাৰ’, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকন, অকণ বৰাৰ কন্যা পল্লৱী বৰাকে ধৰি যুৱ কংগ্ৰেছ আৰু NSUI ৰ সদস্যসকল উপস্থিত থাকি শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনৰ উদ্যোগত আৰু ভাৰতীয় যুৱ কংগ্ৰেছৰ সহযোগত আয়োজন কৰা হয়।
