ষ্টাফৰিপোৰ্টাৰ, ২৪ মে’ :
দিল্লীত কা আন্দোলনৰ লগত জড়িত জেএনইউৰ ছাত্ৰী দেৱাংগনা কলিতাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ গৰিহণা দিছে। এক বিবৃতি যোগে ভাৰতৰ ছাত্ৰ ফেডাৰেচন অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰকুংশ নাথে কয় “
দিল্লীৰ বিভিন্ন সংগ্ৰামী মহিলাৰ ঐক্যবদ্ধ গোট ‘পিঞ্জৰা টৌৰ’ৰ অন্যতম প্ৰতিস্থাতা দেবাংগনা কলিতা। যোৱা সয়মছোৱাত দিল্লীৰ বিভিন্ন নাৰী সমস্যাক লৈ হোৱা আন্দোলন, ছাত্ৰ সমস্যাৰ আন্দোলনৰ লগতে ‘কা’ বিৰোধী আন্দোলনক সক্ৰিয়ভাৱে নেতৃত্ব দিছিল জেএনইউৰ ছাত্ৰী দেবাংগনাই। উত্তৰ-পূব দিল্লীৰ জফৰাবাদত এক ‘কা’ বিৰোধী আন্দোলনক নেতৃত্ব দিয়া আৰু সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অভিযোগ তুলি দেবাংগনা আৰু তেওঁৰ এগৰাকী সহযোগী নাটাশা নৰেৱালক শনিবাৰে আৰক্ষী বিশেষ শাখাৰ বিষয়াই জেৰা কৰাৰ পাছত একেদিনাই জফৰাবাদ আৰক্ষী থানাই গোচৰ ৰুজু কৰি দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যি সময়ত সমগ্ৰ দেশে কৰ’ণা অতিমাৰীৰ বিৰুদ্ধে যুঁজি আছে, সকলো অংশৰ ৰাইজ তথা দল- সংগঠনে আৰ্তজনক সাধ্যানুসৰি সহায়ৰ হাত আগবঢ়াইছে, তেনে এক পৰিস্থিতিতে দেশৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ ব্যৰ্থতাক প্ৰশ্ন উত্থাপন কৰা বহুকেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অতিমাৰীৰ ফলত প্ৰতিবাদত সমবেত হব নোৱাৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিৰোধী সকলৰ যাকেই ইচ্ছা বিভিন্ন পুৰণি গোচৰত তথা ন ন গোচৰ যাপি দি বিজেপি চৰকাৰৰ মদতপুষ্ট পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। আমাৰ অসমতে যিসময়ত বিভিন্ন অপৰাধীক সামাজিক দূৰত্বৰ দোহাই দি কাৰাগাৰৰ পৰা যাব দিয়া হৈছে, অথচ অখিল গগৈৰ দৰে প্ৰতিবাদকাৰীক জেইলত বন্দী কৰি ৰখা হৈছে। বিৰোধী শক্তিক আৱদ্ধ কৰি ৰাখি সাধাৰণ ৰাইজৰ মাত বন্ধ কৰিব বিচৰা ষড়যন্ত্ৰৰেই বলি হল দেবাংগনা কলিতা। তদুপৰি দেবাংগনা কলিতাৰ দৰে মেধাৱী আৰু অধ্যয়নশীল ছাত্ৰী এগৰাকী সাম্প্ৰদায়িক হিংসাত জড়িতৰ অভিযোগ পুলিচৰ চক্ৰান্তৰ বাহিৰে অন্য একো হব নোৱাৰে। আমি ভাৰতৰ ছাত্র ফেডাৰেচনে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু বিজেপি চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে সৰ্বস্তৰৰ ছাত্র সমাজ তথা সৰ্বসাধাৰণ ৰাইজক শাৰিৰীক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছোঁ। তদুপৰি অসম চৰকাৰলৈ আমাৰ দাবী যাতে অসমৰ ছাত্র- ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লৈ দেবাংগনা কলিতাৰ চৰ্তহীন মুক্তিৰ ব্যৱস্থা কৰক।”
