ডিজিটেল ডেস্কঃ পূৰ্বৰ জাননী অনুসৰি শনিবাৰে দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক আৰম্ভ হয়। ছোনিয়া গান্ধীয়ে এই বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ স্পষ্ট কৰে যে তেওঁ দলটোৰ ‘পূৰ্ণকালীন সভাপতি’। ছোনিয়াই আগতে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতিৰ পদটো চম্ভালি আছিল।
আনহাতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে শাৰীৰিক অসুস্থতাৰ বাবে বৈঠকত উপস্থিত থাকিব নোৱাৰিলে। দিগ্বিজয় সিঙকে ধৰি আন চাৰিজন কংগ্ৰেছ নেতাও বৈঠকত উপস্থিত নাই বুলি জানিব পৰা গৈছে। সংবাদ সংস্থাসমূহৰ মতে, বৈঠকখনত মুঠ ৫২ জন কংগ্ৰেছ নেতা উপস্থিত থাকে।
বৈঠকত আগতে জনোৱা হৈছিল যে বৈঠকখনত নতুন সভাপতি, ‘সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি’ আৰু অহা বছৰ ৰাজ্যসমূহৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হ’ব। ৯ অক্টোবৰত কংগ্ৰেছে জাৰি কৰা এক বিবৃতিত ১৬ অক্টোবৰত কাৰ্যসমিতিৰ বৈঠকৰ বিষয়ে অৱগত কৰা হৈছিল।
কোভিড মহামাৰীৰ পিছৰে পৰা বৈঠকখন বাৰে বাৰে আলোচনা কৰা হৈছে কিন্তু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক হোৱা নাছিল। অৱশেষত দশমীৰ পিছদিনা সভাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।