দিল্লীত ইলেক্ট্রিক বাহন ক্ৰয় কৰিলে চৰকাৰে দিব বিশেষ ৰেহাই…

102

ডিজিটেল ডেস্ক:- পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্রিক বাহনৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে দিল্লী চৰকাৰে। সেই অনুসৰি শুকুৰবাৰে এক ডিজিটেল কণফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত প্ৰথমবাৰলৈ ইলেক্ট্রিক বাহন পলিচীৰ শুভাৰম্ভণি কৰে। এই আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ পৰা ৫ বছৰ পিছত যেতিয়া ইলেক্ট্রিক বাহন ব্যৱহাৰক লৈ চৰ্চা হব, তেতিয়া প্ৰথমেই দিল্লীৰ নাম কোৱা হব।

আনহাতে এই আঁচনিৰ জৰিয়তে বিভিন্ন ইলেক্ট্রিক বাহন ক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বিশেষ ৰেহাই প্ৰদান কৰা হব বুলিও জনায় মুখ্যমন্ত্ৰী কেজৰিৱালে। আঁচনি অনুসৰি বাহন ক্ৰয়ত প্ৰদান কৰা ৰেহাই এনে ধৰণৰ-

১. দুচকীয়া বাহন ক্ৰয়ত- ৩০,০০০ পৰ্যন্ত ৰেহাই।
২. কাৰ ক্ৰয়ত- ১.৫ লাখ পৰ্যন্ত।
৩. অটো ৰিক্সা ক্ৰয়ত- ৩০,০০০ পৰ্যন্ত।
৪. ই ৰিক্সা ক্ৰয়ত- ৩০,০০০ পৰ্যন্ত।
৫. মালবাহী বাহন ক্ৰয়ত- ৩০,০০০ পৰ্যন্ত।

আনহাতে ইলেক্ট্রিক বাহন ক্ৰয়ত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৰেহাই পৃথককৈ লাভ কৰিব গ্ৰাহকে। তদুপৰি পুৰণি ডিজেল বা পেট্ৰল চালিত বাহনখন দি যদি ইলেক্ট্রিক বাহন ক্ৰয় কৰিব বিচাৰে, তেতিয়াও গ্ৰাহকে লাভ কৰিব বিশেষ ৰেহাই। লগতে ইলেক্ট্রিক কমাৰ্চিয়েল বাহন ক্ৰয়ৰ ক্ষেত্ৰতো দিল্লী চৰকাৰে প্ৰদান কৰিব ৰেহাই।

মুখ্যমন্ত্ৰী কেজৰিৱালে জানিবলৈ দিয়া মতে দিল্লীত এবছৰৰ ভিতৰত ২০০ টা চার্জিঙ পইণ্ট নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আগন্তুক ৫ বছৰৰ ভিতৰত প্ৰতি ৩ কিলোমিটাৰৰ মূৰে মূৰে একোটাকৈ চার্জিঙ পইণ্ট নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছে বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে ইলেক্ট্রিক বাহনসম্পৰ্কে যুৱক সকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব দিল্লী চৰকাৰে।