দিল্লীত আনলক-৪ আৰম্ভ

60

দিল্লীত ক্ৰমে লকডাউন শিথিল কৰাৰ পিছতে এতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জনজীৱন। আজি দিল্লী চৰকাৰে আনলক-৪ৰ নীতি নিৰ্দেশনা ঘোষণা কৰে। চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি অহা সোমবাৰৰ পৰা অৰ্থাৎ ২১ জুনৰ পৰা দিল্লীত বাৰ আৰু ৰেষ্টুৰেণ্ট খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

এক সংবাদমেলত দিল্লী চৰকাৰে কয় যে সোমবাৰৰ পৰা ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ খুলিব পাৰিব। দিল্লীত বাৰ খোলাৰ সময় দিনৰ ১২ বজাৰ পৰা নিশা ১০ বজালৈ আৰু ৰেষ্টুৰেণ্ট খোলাৰ সময় পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। ইফালে ২৮ জুন পৰ্যন্ত চৰকাৰৰ এই নিৰ্দেশনা বাহাল থাকিব বুলিও ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, বিগত দুটা সপ্তাহত দিল্লীত ক্ৰমাগতভাৱে হ্ৰাস পোৱা কোভিড সংক্ৰমণৰ পিছতে লাহে লাহে লকডাউন শিথিল কৰা হৈছে। ৰাজধানী চহৰখনত প্ৰয়োজন হলে পুনৰ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি জনাইছে কেজৰিৱাল চৰকাৰে।