দিল্লীত অসমৰ দুই ভাতৃ-ভগ্নীৰ ৰহস্যজনক মৃত্যুৱে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দিল্লীত কৰ্মসূত্ৰে বাহৰ পাতি থকা কাৰ্বি আংলং জিলাৰ টিলিংজানৰ ৰ’জ চাংমা আৰু চেমুৱেল চাংমাৰ এখন হাস্পতালত মৃত্যু ঘটে। হাস্পতাল কৰ্তৃপক্ষই ভাতৃ-ভগ্নীহালক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভূগী পৰিয়ালটোৱে।
উল্লেখ্য যে, দিল্লীত ৰ’জ চাংমা এয়াৰপোৰ্টৰ কেবিন ক্ৰিউ হিচাপে কাম কৰি থকাৰ বিপৰীতে চেমুৱেলে কল চেণ্টাৰত কৰ্মৰত আছিল। কিছুদিন পূৰ্বে ৰ’জ চাংমা ভৰিৰ বিষত ভুগাত তেওঁক হাৰিয়ানাৰ আলফা হাস্পতালত ভৰ্তি কৰা হয়। কিন্তু বিষ বেছি হোৱাত পিছত তেওঁক আইচিউত ভৰ্তি কৰা হয়।
অভিযোগ অনুসৰি, আইচিইউৰ ভিতৰতে হাস্পতালখনৰ বিষ্ণ নামৰ এজন চিকিৎসকে ৰ’জ চাংমাক আইচক্ৰীম খাবলৈ দিয়াত ৰ’জৰ মুখেৰে ফেন বাহিৰ হবলৈ ধৰে। ইফালে চিকিৎসকজনৰ এই সমস্ত কাণ্ড চেমুৱেল চাংমাই মোবাইল কেমেৰাত আৱদ্ধ কৰাৰ বাবেই পৰিকল্পতিভাৱে চেমুৱেল চাংমাকো হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ঘটনাৰ উচিত তদন্ত বিচাৰি ইতিমধ্যে লোকসভাৰ সাংসদ অগাথা চাংমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।